Friday, November 15, 2013

এমুঠি নিমখ, এগিলাছ পানী আৰু এটা হ্ৰদ

বিমৰ্ষ মনেৰে অসুখী যুৱক এজন আহি বৃদ্ধ শিক্ষকগৰাকীক লগ কৰিলে আৰু আৰু ক’লে যে জীৱনটো তেওঁৰ বাবে বৰ দুঃসহ হৈ পৰিছে, সেয়ে তেওঁক তাৰ এটা সমাধান লাগে৷

শিক্ষকজনে অসুখী যুৱকজনৰ হাতত নিমখ এমুঠি দি এগিলাছ পানীত সেইখিনি মিহলাই খাবলৈ দিলে৷
“কেনেকুৱা লাগিল খাই?”- শিক্ষকজনে সুধিলে৷
“ভয়াবহ!”- যুৱকজনে মুখ বিকটাই ক’লে৷

শিক্ষকজনে এইবাৰ যুৱকজনক কাষৰে ­হ্ৰদ এটাৰ পাৰলৈ লৈ গ’ল আৰু আগবাৰৰ দৰেই হাতত এমুঠি নিমখ দি সেইখিনি হ্ৰদৰ পানীত চটিয়াই দিবলৈ ক’লে৷ তাৰ পাছত তেওঁ যুৱকজনক হ্ৰদৰ পানী অলপ খাই চাবলৈ দিলে৷
“এইবাৰৰ সোৱাদটো কেনেকুৱা?”- বৃদ্ধ শিক্ষকজনে সুধিলে৷
“ভাল৷”- অসুখী যুৱকে আংশিক সন্তুষ্টিৰে কলে৷
“তুমি অকল নিমখখিনি কেতিয়াবা খাই চাইছানে?”- শিক্ষকজনে আকৌ সুধিলে৷
“ওহোঁ৷”- অসুখী যুৱকে মূৰ জোকাৰিলে৷

শিক্ষকগৰাকীয়ে এইবাৰ যুৱকজনৰ কাষত বহি লৈ গভীৰ মমতাৰে তেওঁৰ হাত এখন নিজৰ দুহাতত তুলি লৈ ক’বলৈ ধৰিলে- “বুজিছা ডেকা ল’ৰা, জীৱনৰ দুঃখবোৰ আচলতে খাটি নিমখ, একেবাৰে খাটি৷ জীৱনত দুঃখৰ পৰিমাণো সকলোৰে বাবে সমান, অলপো কম-বেছি নহয়৷ কিন্তু আমি সোৱাদ লোৱা দুঃখৰ পৰিমাণ নিৰ্ভৰ কৰে দুঃখবোৰ ভৰাই থোৱা পাত্ৰটোৰ আয়তনৰ ওপৰত৷ সেয়ে যেতিয়াই তুমি দুঃখত পৰা, তুমি কৰিব পৰা মাথোঁ এটাই কাম আছে – নিজৰ বাস্তৱিক অনুভৱ আৰু দৃষ্টিভংগীৰ পৰিসৰ বহলাই পেলোৱা৷ ক্ষুদ্ৰ পৰিসৰৰ ভিতৰত চেপি-কুচি নাৰাখি দুঃখবোৰ আনৰ সৈতে ভগাই লোৱা৷ এটা কণমান গিলাছ হৈ নাথাকিবা, এটা হ্ৰদ হোৱাৰ চেষ্টা কৰা৷ তুমি ততকে ধৰিব নোৱাৰিবা - শিল যেন গধুৰ দুঃখবোৰ কেনেকৈ থিতাতে তুলা যেন পাতল হৈ পৰিল!…


(ইণ্টাৰনে’টত পঢ়া অনামী লেখকৰ এটা অণুগল্পৰ আলমত)