Monday, February 26, 2018

খেলি-মেলি পইদ্য



এংকৰি বেংকৰি
নাথাকিবি জেং কৰি
টেমা আছে গৰম হৈ
জেপত নাই ফুটাকড়ি।

অলৌ-গুটি টলৌ-গুটি
পঢ়িছিলো মনপুতি
কামতহে নাহিল একো
খোজেপতি জোটাপুতি।

চাকৰি-বাকৰি একো নাই
কেনেকৈনো চলো ভাই
বেপাৰ-বণিজ কৰিবলৈও
মূলৰ নামত সঁচ নাই।

কিনো কৰোঁ ক চোন
বেংকেও নিদিয়ে লোন
বন্ধকীত থবলৈও
ঘৰত নাই মাটি-সোণ।

গাঁৱলীয়া লৰা মই
কামলে নকৰো ভয়
হাজিৰা কৰিয়ে খাম
তাইক কৈ দিবি তই।

আৱেগত উটি-ভাঁহি
কিনো পাব মোলৈ আহি
দুদিনতে মৰহিব
আলসুৱা ফুলপাহি।

হলৌ উঠিল টকৌ গছত
হালি গৈছো দুখৰ ভৰত
জীৱনৰ পাটিগণিত
ফলাফল শূন্যৰ ঘৰত।

পোহৰৰ বাট কেনি
পোৱা নাই উৱাদিহ
যিদিশেই বাট লওঁ
হাতত লাগে বৰবিহ।

সোঁৱে যাওঁ, বাৱেঁ যাওঁ
চবফালে গটা খাওঁ
কোনেও নকৰে দয়া
কাৰেণো মুখলে চাওঁ!

আংবাং কথা ভাবি
আৰু কিনো পাৰ পাবি
কেতিয়াবাই হেৰুৱালো
সুখৰ তলাৰ চাবি।

কান্দি-কাতি লাভ নাই
কোনে কালৈ ঘূৰি চাই
চাবি দিয়া মেচিন চব
নিজলৈকে সময় নাই।

লাও পুলি লৰাই ৰুলো
মনৰ কথা তোকেই কলো
গাই-বাই নুফুৰিবি
তোৰজনীৰে শপত দিলো।।