Sunday, May 17, 2015

বান্দৰ কিনোতা ব্যৱসায়ীজন

এসময়ত এখন চহৰত বান্দৰে বহুত উপদ্ৰৱ কৰিছিল। চহৰৰ বাসিন্দাসকল বান্দৰৰ অত্যাচাৰত অতীষ্ঠ হৈ উঠিছিল। তেনে সময়তে চহৰত দূৰৈৰ কোনোবা ঠাইৰ পৰা অহা এজন নতুন ব্যৱসায়ীৰ আৱিৰ্ভাৱ ঘটিল। তেওঁ ক’লে যে কোনোবাই যদি বান্দৰ ধৰিব পাৰে ধৰক, প্ৰতিটো বান্দৰৰ বিনিময়ত তেওঁ ধৰোতাঁজনক ১০০ টকাকৈ দিব। বান্দৰ ধৰিবৰ বাবে চহৰবাসী উবুৰি খাই পৰিল। দুদিনৰ ভিতৰতে শ শ বান্দৰ ধৰা হ’ল আৰু সকলোবোৰ ব্যৱসায়ীজনে কিনি ল’লে। ব্যৱসায়ীজনে আকৌ ঘোষণা কৰিলে যে তেওঁ এইবাৰ প্ৰতিটো বান্দৰৰ বাবে ২০০ টকাকৈ দিব। এইবাৰো চহৰবাসীয়ে বান্দৰ ধৰাৰ বাবে চেষ্টাৰ কোনো ত্ৰূটি নকৰিলে। বান্দৰো প্ৰায় শেষ হৈ আহিল। ব্যৱসায়ীজনে এইবাৰ প্ৰতিটো বান্দৰৰ বিনিময়ত ৩০০ টকাকৈ দিয়াৰ ঘোষণা কৰিলে। চহৰবাসীয়ে অৱশিষ্ট বান্দৰকেইটাও ধৰি আনি ব্যৱসায়ীজনক বিক্ৰী কৰিলে। চহৰখন একেবাৰে বান্দৰমুক্ত হ’ল। ব্যৱসায়ীজনে এইবাৰ ঘোষণা কৰিলে যে তেওঁ আৰু বান্দৰ কিনিব খোজে আৰু প্ৰতিটো বান্দৰৰ বিনিময়ত তেওঁ এইবাৰ ১০০০ টকাকৈ দিব। কিন্তু চহৰবাসীয়ে আৰু এটাও বান্দৰ বিচাৰি নাপালে। সকলোৱে আক্ষেপ কৰিবলৈ ধৰিলে - যদি আৰু কেইটামান বান্দৰ ধৰিব পৰা গ’লহেতেন!



ব্যৱসায়ীজন এইবাৰ কাষৰ চহৰখনলৈ গ’ল আৰু যাবৰ সময়ত কৈ গ’ল যে কোনোবাই বান্দৰ ধৰিব পাৰিলেই যেন তেওঁক খবৰ দিয়া হয়, ১০০০ টকাকৈ তেওঁ চব বান্দৰ কিনি ল’ব। কিনি লোৱা বান্দৰবোৰ থোৱা গৰালটোৰ ৰখীয়া হিচাপে তেওঁ নিজৰ চাকৰটোক ৰাখি থৈ গ’ল। ইফালে চহৰবাসীয়ে টকাৰ লোভত বান্দৰ বিচাৰি বিচাৰি হায়ৰাণ হৈ গ’ল। তাকে দেখি গৰালৰখীয়া চাকৰটোৱে গাঁৱৰ কেইজনমান মানুহক ক’লে যে প্ৰতিটো বান্দৰত ৫০০ টকাকৈ দিলে তেওঁ গৰালৰ অলপ বান্দৰ মনে মনে বিক্ৰী কৰিব পাৰিব, কিন্তু এই কথা যাতে কোনেও তেওঁৰ মালিকক কৈ নিদিয়ে। গাঁৱৰ সুযোগসন্ধানী লোককেইজনে এই সুযোগ অথলে যাবলৈ নিদিলে আৰু গৰালৰখীয়া চাকৰটোক প্ৰলোভিত কৰি ৫০০ টকাকৈ গোটেইবোৰ বান্দৰ কিনি ল’লে।

তাৰ পাছদিনাৰ পৰা চাকৰটো আৰু ব্যৱসায়ীজনৰ কোনো এজনকে ক’তো বিচাৰি পোৱা নগ’ল।


(ইণ্টাৰনেটত পঢ়া এটা সাধুৰ আলমত)