Wednesday, May 7, 2014

সেই পখিলাটোৰ সাধু

এজন মানুহে কৰবাত পখিলাৰ লেটা এটা পাই ঘৰলৈ লৈ আনিলে আৰু তাক সযতনে থৈ দিলে। এদিন লেটাটোত সৰু ফাঁট এটা মেলা দেখা গল। তেওঁ লেটাটোৰ সন্মুখত ঘণ্টাৰ পিছত ঘণ্টা বহি থাকি পখিলাটোৰ জন্ম যন্ত্ৰণা প্ৰত্যক্ষ কৰিবলৈ ধৰিলে। লেটাটোত মেলা সৰু ফাঁটটোৰে পখিলাটোৱে নিজৰ শৰীৰটো বাহিৰলৈ উলিয়াবৰ বাবে সংগ্ৰাম কৰাত লাগিল। কিন্তু হঠাতে ই ৰৈ গ, যেন আৰু আগবাঢ়িবলৈ তাৰ শক্তিয়েই নোহোৱা হল।

সেইবাবে মানুহজনে পখিলাটোক সহায় কৰাৰ সিদ্ধান্ত ললে। তেওঁ এখন কেঁচি আনি লেটাটোৰ বাকী অংশটো এৰুৱাই দিলে। পখিলাটো সহজেই ওলাই আহিল, কিন্তু তাৰ শৰীৰটো বীজলুৱা আৰু পাখি দুখন বৰ দুৰ্বল হৈ থাকিল।

মানুহজনে পখিলাটোক পুনৰ প্ৰত্যক্ষ কৰাত লাগিল। তেওঁ আশা কৰিছিল যে পখিলাটোৱে ক্ষন্তেক পিছতে তাৰ পাখি দুখন মেলি ধৰি শৰীৰটোক থিৰ কৰিব পাৰিব, কিন্তু দুৰ্ভাগ্যজনকভাৱে তেনে কেতিয়াও নঘটিল। পখিলাটোৱে তাৰ অৱশিষ্ট জীৱনকাল ইফালে-সিফালে বগুৱা বায়েই ফুৰিলে, ই কোনোপধ্যেই উৰিব পৰা হৈ নুঠিল।

দয়ালু মানুহজনে খৰখেদা কৰিবলৈ গৈ কি অবিবেচক কাম কৰিলে, তেওঁ নিজেও বুজি নাপালে। আচলতে লেটাটোৰ পৰা নিজকে মুক্ত কৰিবলৈ কৰা সংগ্ৰামখিনি পখিলাটোৰ জীৱনৰ বাবে বৰ প্ৰয়োজনীয় আছিল। কাৰণ, এই সংগ্ৰামে পখিলাটোৰ শৰীৰত লাগি থকা বীজলুৱা তৰলখিনি এৰুৱাত সহায় কৰি তাৰ পাখি দুখনক উৰিব পৰাকৈ শক্তিশালী কৰি তুলিলেহেঁতেন।

আমাৰ জীৱন যাপনৰ বেলিকাও সময়ে-সময়ে সংগ্ৰামৰ মুখামুখি হোৱাটো অতি প্ৰয়োজনীয়। এক সংগ্ৰামহীন জীৱন-যাত্ৰাই আমাক পংগু কৰিও তুলিব পাৰে। যাৰ ফলত আমি যি হব পাৰিলোঁহেঁতেন, তাত উপনীত হোৱাত ব্যৰ্থ হব পাৰো। অন্যাৰ্থত সেই পখিলাটোৰ দৰেই আমি চিৰদিনৰ বাবে উৰিবলৈ পাহৰিও যাব পাৰোঁ।



(ইণ্টাৰনেটত উপলব্ধ এটা অণুগল্পৰ অনুবাদ)

এখন বেৰ, এমোনা গজাল

এটা বৰ বদ মেজাজৰ সৰু লৰা আছিল। সৰু সৰু কথাতে তাৰ তিঙিচকৈ খং উঠিছিল আৰু খঙত একো নাই হৈ যাকে-তাকে বেয়া ব্যৱহাৰ কৰিছিল। আনকি নিজৰ মাক-দেউতাককো সি কেতিয়াবা বৰ বেয়াকৈ কথা কৈছিল। এদিন স্বাভাৱিক অৱস্থাত দেউতাকে তাক গজালেৰে ভৰ্তি এটা মোনা দিলে আৰু কলে যে যেতিয়াই তাৰ খঙ উঠি মেজাজ বেয়া হৈ যায়, তেতিয়াই যেন সি কাষৰ বেৰখনত হাতুৰিৰে কোবাই এটা গজাল মাৰে। দেউতাকৰ কথাত সি মান্তি হল।

প্ৰথম দিনাখনেই সি বেৰত সাতত্ৰিছটা গজাল মাৰিবলগীয়া হল। পিচে কেইসপ্তাহমানৰ ভিতৰতে বেৰখনৰ প্ৰতিদিনে মৰা গজালৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিবলৈ ধৰিলে। সি বুজি পাবলৈ আৰম্ভ কৰিলে যে বেৰখনত গজাল মৰা কামটোতকৈ নিজৰ খংটোক নিয়ন্ত্ৰণ কৰা বেছি সহজ।

অৱশেষত সেই দিনটো আহিল, যিদিনা বেৰখনত এটাও গজাল মাৰিবলগীয়া নহল। নিজৰ মেজাজৰ ওপৰত সাব্যস্ত কৰা এই নিয়ন্ত্ৰণৰ কথা সি দেউতাকক জনালেগৈ। দেউতাকে তেতিয়া তাক দিনে এটাকৈ বেৰৰ সেই গজালবোৰ উলিয়াবলৈ কলে, যিবোৰ গজাল সি প্ৰচণ্ড খঙৰ বশৱৰ্তী হৈ বেৰখনত মাৰিছিল। কিছুদিনৰ পাছত সি দেউতাকক কলে যে বেৰত মৰা আটাইবোৰ গজাল পুনৰ উলিওৱা কামটো সম্পূৰ্ণ হল।

দেউতাকে তেতিয়া তাক হাতত ধৰি সেই বেৰখনৰ ওচৰলৈ লৈ গল আৰু কলে, “কামটো তই বৰ ভালকৈয়ে কৰিলি বোপাই, কিন্তু বেৰৰ এই ফুটাবোৰলৈ চা চোন। তই যিমানেই চেষ্টা কৰ লাগিলে, বেৰখনক কেতিয়াবা আগৰ নিচিনা কৰি তুলিব পাৰিবিনে! খঙত কব নোৱৰা হৈ তই যেতিয়া মানুহক বেয়াকৈ কথা কৱ, সেই কথাবোৰেও এই গজালবোৰৰ দৰেই শুনোতাজনৰ বুকুত এটুকুৰা ঘা সৃষ্টি কৰি যায় যিবোৰ ঘা তই কেতিয়াও শুকুৱাব নোৱাৰ।

......................................................................................................

কাৰোবাৰ গাত চুৰি এখন মৰাৰ পাছত চুৰিখন উলিয়াই আনি আপুনি তেওঁক হাজাৰবাৰ ক্ষমা খোজক, ঘা-টুকুৰা ঘা হৈয়ে থাকিব। সেয়েহে খঙত হিতাহিত জ্ঞানশূণ্য হৈ আনক কিবা কোৱাৰ আগতে নিজকে পাৰ্যমানে সংযত কৰক আৰু নিজৰ মেজাজৰ ওপৰত লেকাম লগাওক। লক্ষ্য ৰাখক, যাতে এক মুহুৰ্তত কৰা এটা বেয়া কামৰ বাবে আপুনি আজীৱন অনুশোচনাত ভুগি থাকিব লগা নহয়।


(অজ্ঞাত লেখকৰ এক ইংৰাজী অণুগল্পৰ ভাবানূদিত ৰূপ)

জীৱনটোনো কি?

=== বিশ্বাস ===

এবাৰ গোটেই গাঁওবাসীয়ে মিলি এজাক বৰষুণ কামনাৰে ভগৱানক প্ৰাৰ্থনা কৰাৰ সিদ্ধান্ত ললে। প্ৰাৰ্থনাৰ দিনা সকলো গোট খালে, কিন্তু এটা কণমানি শিশুৱেহে মাথোঁ হাতত ছাটি লৈ আহিল।

=== আস্থা ===

এটা কণমানিক ওপৰলৈ দলিয়াই ওমলাওঁতে সি/তাই ভয় নকৰি খিলখিলাই হাঁহেহে, কাৰণ কণমানিটোৱে জানে যে যিমান ওপৰলৈ নদলিয়াওক কিয়, আপুনি তাক/তাইক ধৰিবই।

=== আশা ===

পিছদিনা ৰাতিপুৱালৈ জীৱিত থকাৰ কোনো নিশ্চিতি নথকা সত্বেও নিশা শোৱাপাটীত পৰাৰ সময়ত আমি পুৱা সময়মতে সাৰ পোৱাৰ বাবে এলাৰ্ম দি থওঁ।

=== প্ৰত্যয় ===

ভৱিষ্যতৰ শূন্য জ্ঞান আৰু অনিশ্চয়তাৰ কোনো নিশ্চয়তা নথকাকৈও আমি কাইলৈৰ বাবে ডাঙৰ ডাঙৰ পৰিকল্পনা কৰোঁ।

......................................
......................................

বিশ্বাস, আস্থা, আশা, প্ৰত্যয়েই আমি মানুহবোৰক মানুহ কৰি জীয়াই ৰাখিছে। নিৰাশাবাদক দূৰতে বিদূৰ কৰক, ইতিবাচক চিন্তাক আকোঁৱালি লওক। যাপন কৰিব জানিলেই হ, জীৱনটো সঁচাই বৰ ধুনীয়া। জীৱন জীৱন বৰ অনুপম!


(ইণ্টাৰনেটৰ আলমত)

যিদিনা মোৰ মৃত্যু হৈছিল

আকৌ এটা গতানুগতিক ৰাতিপুৱা! আকৌ কালিৰ দৰেই মোৰ অফিচলৈ যোৱাৰ ব্যস্ততা।
আৰে!! এয়াচোন ময়েই... আজিৰ বাতৰি-কাকতত মোৰ ফটোখন দেখি মই চিঞৰি উঠিলো।
কিন্তু মৃত্যুৰ বাতৰিৰ মাজত মোৰ ফটোখন কিয়
??

আচৰিত...

এক ছেকেণ্ড, মোক ভাবিবলৈ দিয়ক। মনত পৰিছে- যোৱাৰাতি শুবলৈ যোৱাৰ সময়ত মই বুকুত প্ৰচণ্ড বিষ অনুভৱ কৰিছিলো, কিন্তু তাৰ পাছত মোৰ একো মনত নাই। মই চাগৈ গভীৰ টোপনিত পৰিছিলো।

এতিয়া ৰাতিপুৱা। আৰে.... দহচোন বাজিলেই, মোৰ চাহকাপ ক?
তাৰমানে আজিও মোৰ অফিচ গৈ পোৱা দেৰি হব আৰু আকৌ এবাৰ ওপৰৱালাৰ গালি খাব লাগিব!
মানুহবোৰ কত...?? মই খঙত চিঞৰিলো।

মোৰ কোঠাৰ বাহিৰতচোন বহুত মানুহৰ মাত শুনিছো, চাওঁচোন কোন কোন?
ইমানবোৰ মানুহ!... সকলোৱে কন্দা নাই... কিন্তু তাৰে কিছুমানে কিয় ইমানকৈ কন্দা-কটা কৰিছে?...



এয়া কি??? সৌ তাত মোকচোন মজিয়াত শুৱাই থোৱা হৈছে...
কিন্তু, মই ইয়াতহে!.... মই চিঞৰিছো!!! কিন্তু কোনেও শুনা নাই।
চোৱাহঁক, মই মৰা নাই... মই পুনৰবাৰ চিত্কাৰ কৰি উঠিছো!!! কিন্তু মোৰ কথালৈ কাৰো আগ্ৰহ নাই।

সকলোৱে মজিয়াত শুৱাই থোৱা মইটোলৈহে চাই আছে। মই মোৰ শোৱনি কোঠালৈ ঘূৰি আহিলো।
মই সঁচাকৈয়ে মৰিলোনেকি??” – নিজকে সুধিলো।
মোৰ পত্নী ক?ত মোৰ লৰা-ছোৱালী, মোৰ মা-দেউতা, বন্ধুহঁত...??
মই তেওঁলোকক কাষৰ কোঠাটোত দেখা পাইছো। সকলোৱে কান্দিছে। ইজনে আনজনক শান্ত কৰাৰ চেষ্টা কৰিছে।

মোৰ পত্নী কান্দোনত ভাগি পৰিছে। তেওঁক বৰ বিমৰ্ষ দেখা গৈছে।
ঘটনাটোনো কি মোৰ কণমানি লৰাটো এতিয়াও নিশ্চিত হব পৰা নাই, কিন্তু মাকক কন্দা দেখি সিও কান্দিবলৈ ধৰিছে।

মোৰ কণমানিটোক মই কিমান ভাল পাওঁ আৰু তাৰ কিমান যত্ন লওঁ সেই কথা তাক নজনোৱাকৈ মই কেনেকৈ যাওঁ?
মোৰ পত্নীক এই কথা নোকোৱাকৈ মই কেনেকৈ যাব পাৰো যে তেৱেঁই হৈছে পৃথিৱীৰ আটাইতকৈ ধুনীয়া আৰু সাদৰী পত্নী??
মা-দেউতাক এই কথা নোকোৱাকৈ মই কেনেকৈ যাব পাৰো যে মই আজি যি হব পাৰিছো, সেয়া মাথোঁ তেওঁলোকৰ বাবেই???

কেনেকৈ যাওঁ মই মোৰ বন্ধুহঁতক এই কথা নজনোৱাকৈ যে সিহঁত নথকা হলে হয়তো জীৱনত বহুতো শুধৰাব নোৱৰা ভুল কৰি পেলালোহেঁতেন... মই বিচৰা সময়ত সদায় কাষত পোৱাৰ বাবে সিহঁতক ধন্যবাদ নজনোৱাকৈ আৰু সিহঁতৰ প্ৰয়োজনত উপস্থিত হব নোৱৰাৰ বাবে ক্ষমা নোখোজাকৈ মই কেনেকৈ যাব পাৰোঁ?

কোঠাটোৰ চুকত থিয় হৈ থকা মানুহ এজনে নিজৰ চকুলো লুকুৱাবলৈ চেষ্টা কৰা মই দেখিছো...
অহ!... তেওঁ মোৰ এজন প্ৰিয়তম বন্ধু আছিল, কিন্তু সৰু এটা ভুল বুজাবুজিৰ অজুহাততে আমাৰ মাজত মনোমালিন্য হৈছিল আৰু নিজৰ নিজৰ আত্মাভিমানৰ দোহাই দি আমি পৰস্পৰৰ পৰা আঁতৰি আছিলো।

মই তেওঁৰ কাষলৈ গলো আৰু কৰমৰ্দনৰ বাবে মোৰ হাত এখন আগবঢ়াই দি কলো, বন্ধু, হৈ যোৱা সকলোবোৰৰ বাবে মই দুঃখিত, অনুগ্ৰহ কৰি মোক মাফ কৰিবা!
সিপক্ষৰ পৰা কোনো সঁহাৰি নাহিল! কিন্তু কিয়? মই দুঃখিত বুলি কোৱাৰ পাছতো তেওঁ নিজৰ আত্ম-অভিমান বিসৰ্জন দিব পৰা নাইনে!!
এনেকুৱা মানুহক সঁচাই মই ভাল নাপাওঁ।
কিন্তু, এক ছেকেণ্ড... তেওঁ বোধহয় মোক দেখাই নাই!! মই আগবঢ়াই দিয়া হাতখনো চাগৈ তেওঁ দেখা্ পোৱা নাই!!!

হে ভগৱান... মই তাৰমানে সঁচাকৈয়ে মৰিলো নেকি??
মই মোৰ কাষতে বহি পৰিলো মোৰ নিজৰো কান্দিবলৈ মন গল...

হে ভগৱান! কৃপা কৰি মোক আৰু কেইটামান দিন দিয়া...

মই মাথোঁ মোৰ পত্নী, মোৰ মা-দেউতা, মোৰ বন্ধুহঁতক এই কথা বুজাই যাব খোজোঁ যে মই তেওঁলোকক কিমান ভাল পাওঁ...

মোৰ পত্নী কোঠাটোলৈ সোমাই আহিল, বিমৰ্ষতাৰ মাজতো তেওঁক ধুনীয়া দেখাইছিল। তুমি বৰ ধুনীয়া, মই চিঞৰি উঠিলো।
কিন্তু তেওঁ মোৰ মাত নুশুনিলে! আচলতে এই কথাষাৰ তেওঁ কেতিয়াও শুনিয়েই নাপালে, কিয়নো কেতিয়াও তেওঁক মোৰ এইকথা কোৱা নহল!

হে ঈশ্বৰ!!! মই কান্দি উঠিলো, মাথোঁ আৰু অলপ সময় মোক দিয়া...
মাথোঁ এটা অতিৰিক্ত সুযোগ মোক দিয়া... মোৰ সন্তানটোক কোলাত তুলি লবলৈ, মোৰ মাৰ মুখত মাথোঁ এবাৰৰ বাবে হাঁহি বিৰিঙাবলৈ, মোৰ দেউতাক মাথোঁ এটা মুহূৰ্তলৈ মোৰ বাবে গৰ্বিত বোধ কৰাবলৈ, মই দিব নোৱৰাখিনিৰ বাবে মোৰ বন্ধুহঁতক ক্ষমা খুজিবলৈ আৰু এতিয়াও মোৰ জীৱনত থকাৰ বাবে তেওঁলোকক ধন্যবাদ জনাবলৈ...

মই ওপৰলৈ চাই কান্দোনত ভাগি পৰিলো!
মই আৰ্তনাদ কৰি উঠিলো...
দয়াময়! আৰু এটা মাত্ৰ সুযোগ মোক দিয়া!!

পত্নীৰ হেঁচোকনিত মই সাৰ পালো, টোপনিতে তুমি চিঞৰি আছিলা। কিবা বেয়া সপোন দেখিছিলা নেকি?”

তাৰমানে মই টোপনিতহে আছিলো!
অহ!...
সেইটো এটা সপোনহে আছিল...

মোৰ পত্নী মোৰ কাষতে আছে... তেওঁ এতিয়া মোৰ কথা শুনা পাব পাৰে... মোৰ জীৱনৰ এইটোৱেই আটাইতকৈ সুন্দৰতম মুহূৰ্ত...
মই তেওঁক সাবটি ধৰিলো আৰু কাণৰ কাষত গুণগুণাই কলো, তুমিয়েই বিশ্ব-ব্ৰহ্মাণ্ডৰ ভিতৰত আটাইতকৈ ধুনীয়া আৰু মৰমীয়াল পত্নী... মই তোমাক সঁচাকৈয়ে বৰ ভাল পাওঁ, সোণ!
মই বুজি নাপালো কিয় তেওঁৰ মুখত হাঁহি ফুটি উঠিলেও দুচকু চলচলীয়া হৈ পৰিছে... তথাপিও মই সুখী...

দ্বিতীয়টো সুযোগৰ বাবে তোমাক অশেষ ধন্যবাদ, ভগৱান!
নাই, এতিয়াও সময় ওকলি যোৱা নাই...

কথা দিলো – আজিৰ পৰা মই অহংকাৰ পাহৰি যাম, অতীত পাহৰি যাম... আৰু মৰমবোৰ আনৰ মাজত বিলাই দিম...
আজিৰ পৰা মই সকলোৰে প্ৰতি বন্ধুভাবাপন্ন হম, হাঁহিমুখীয়া হম আৰু আনৰ মুখতো হাঁহি বিৰিঙাম...

নিজৰ ভুলবোৰ শুধৰোৱাৰ বাবে জীৱনলৈ অহা এই দ্বিতীয় সুযোগ মই কোনোপধ্যেই অথলে যাবলৈ নিদিম...



(ইণ্টাৰনেটত পঢ়া এটা হৃদয়স্পৰ্শী অণুগল্পৰ অনূদিত ৰূপ)

Tuesday, April 29, 2014

হে জীৱন, তোমাক ধন্যবাদ! (ইণ্টাৰনেটত পঢ়া এটা অকণমানি সাধু)

ভিক্ষা খুজিবৰ বাবে ভৰিৰ কাষত টুপি এটা ওলোটাকৈ থৈ অন্ধ লৰা এজন অট্টালিকাটোৰ চিৰিত দুঃখমনেৰে বহি আছিল। মানুহে দেখাকৈ সি হাতত এখন কাগজ ওলোমাই লৈ আছিল আৰু তাত লিখা আছিল, মই অন্ধ, অনুগ্ৰহ কৰি মোক সহায় কৰক।


টুপিটোত মাথোঁ কেইটামানহে মুদ্ৰা গোট খাইছিল। সেই সময়তে কাষেৰে খোজ কাঢ়ি যোৱা মানুহ এজনে জেপৰ পৰা কেইটামান মুদ্ৰা উলিয়াই টুপিটোত থলে আৰু সি হাতত লৈ থকা কাগজটুকুৰালৈ লক্ষ্য কৰিলে। মানুহজনে কাগজটুকুৰা নিজৰ হাতত লৈ তাৰ ওলোটাফালে কিবা অলপ লিখিলে আৰু সেইখন লৰাটোৰ হাতত এইধৰণে গুজি দিলে যাতে এই নতুন লিখাখিনিহে কাষেৰে পাৰ হৈ যোৱা মানুহৰ চকুত পৰে।



টুপিটো সোনকালেই ভৰি আহিল। বহুসংখ্যক লোকে লৰাটোক সহায় কৰাৰ মানসেৰে টুপিটোত পইচা দি গল। কাগজখনত নতুন কথাখিনি লিখা মানুহজন আবেলি সময়ত আকৌ আহিল আৰু পৰিস্থিতি কিবা সলনি হৈছেনে নাই চাবলৈ অন্ধ লৰাজনৰ কাষ পালেহি। মানুহজনৰ খোজৰ শব্দতেই লৰাজনে তেওঁক চিনি পালে আৰু সুধিলে, ৰাতিপুৱা মোৰ হাতৰ কাগজখন সলনি কৰি যোৱা মানুহজন আপুনিয়েই নহয় জানো? আপুনি তাতনো কি লিখিছিল, মোক কবনে?”

মানুহজনে কলে, মই সঁচা কথাটোৱেই লিখিছিলো। তুমি কব খোজা কথাখিনিকেই মাত্ৰ মই অলপ বেলেগ ধৰণে কৈছিলো। মই লিখিছিলো – আজিৰ দিনটো এটা সুন্দৰ দিন কিন্তু মোৰ কি দুৰ্ভাগ্য যে মই ইয়াক দেখা নাপালো।



আপুনি ভাবেনে যে প্ৰথম আৰু দ্বিতীয় দুয়োখন কাগজতে লিখা কথাখিনিৰ অৰ্থ একেই আছিল?

নিশ্চিতভাৱে দুয়োখন কাগজেই মানুহক জনাইছিল যে লৰাজন অন্ধ আছিল।

প্ৰথমখন কাগজে পঢ়োতাক সাধাৰণভাৱে জানিবলৈ দিছিল যে লৰাজন অন্ধ আৰু তেওঁক সহায় কৰা উচিত। কিন্তু দ্বিতীয় কাগজখনে মানুহক এই কথা উপলব্ধি কৰিবলৈ শিকাইছিল- তেওঁলোক প্ৰকৃততে কিমান ভাগ্যশালী যে এনে এটা সুন্দৰ দিন উপভোগৰ পৰা বঞ্চিত হবলগীয়া হোৱাকৈ তেওঁলোক অন্ধ নহয়!

লৰাজনৰ প্ৰতি পথাচাৰীৰ সহানুভূতি সৃষ্টিৰ বাবে প্ৰথমখনতকৈ যে দ্বিতীয়খন কাগজ অধিক ফলপ্ৰসূ আছিল এই কথাক লৈ আৰু কিবা সন্দেহৰ অৱকাশ আছে জানো!

........................................................
........................................................

সাধুটোৰ নীতিকথাঃ নিজৰ থকাখিনিক লৈ সন্তুষ্ট আৰু কৃতজ্ঞ হবলৈ শিকক। সৃষ্টিশীল হওক। নতুন কিবা কৰক। কথাবোৰ আনতকৈ বেলেগ ধৰণে আৰু ইতিবাচক দিশেৰে ভাবক। নিজৰ প্ৰজ্ঞাৰে আনসকলকো ভালৰ দিশলৈ আমন্ত্ৰণ জনাওক। কোনো কাৰণ নোহোৱাকৈ জীৱন যাপন কৰক আৰু কোনো অনুশোচনা নোহোৱাকৈ আনক ভাল পাবলৈ শিকক। যদি আপোনাক জীৱনে কান্দিবৰ বাবে ১০০ টা কাৰণ দেখুৱায়, জীৱনকো আপুনি হঁহাৰ সপক্ষে ১০০০ টা কাৰণ দেখুৱাই দিয়ক। অনুশোচনা নোহোৱাকৈ নিজৰ অতীতটোৰ মুখামুখি হওক। আত্মবিশ্বাসৰ সৈতে বৰ্তমানটোক ধৰি ৰাখক। সাহসৰ সৈতে ভৱিষ্যতৰ বাবে সাজু হওক। বিশ্বাসক আকোঁৱালি লওক, ভয়ক দলিয়াই পেলাওক।

মহান মনীষীসকলে কৈ গৈছে, বেয়াবোৰ বিসৰ্জন দি, ভালবোৰৰ আদৰণিৰে জীৱনটো মেৰামতি আৰু নৱনিৰ্মাণৰ এক অন্তহীন প্ৰক্ৰিয়া। জীৱন-যাত্ৰাত যদি আপুনি ভয়বিহীনভাৱে যাত্ৰা কৰিবলৈ বিচাৰে, তেন্তে আপোনাৰ হাতত সজ নীতিবোধৰ এটা টিকট অৱশ্যেই থাকিব লাগিব।

এজন মানুহে হাঁহিথকা দৃশ্যটোতকৈ সুন্দৰতম বস্তু আন কি হব পাৰে! আৰু সোণতেই সুৱগা চৰে তেতিয়া, যেতিয়া আপুনি জানিব পাৰে যে সেই হাঁহিটোৰ আঁৰৰ কাৰণ আপুনি নিজেই...

..........................................................

(সাধুটো আৰু সংলগ্ন চিত্ৰৰ উত্সৰ বাবে http://supermenbanget.wordpress.com-লৈ কৃতজ্ঞতাৰে)