Wednesday, August 21, 2013

দুটি মানিমুনি সাধু


প্ৰৱঞ্চক
হৰিপ্ৰসাদে এদিন সপোনত ঈশ্বৰক লগ পালে। উলাহত তাৰ মন নাচি উঠিল। ঈশ্বৰৰ ভৰিত খামুচি ধৰি সি কাতৰেৰে কলে, প্ৰভু, যেনেতেনে মোক সৰুসুৰা চাকৰি এটা পোৱাই দি এই দুৰ্ভগীয়া পৰিয়ালটোৰ জীৱন ৰক্ষা কৰা। চাকৰিটো পালেই মই তোমাৰ নামত...। ঈশ্বৰ অন্তৰ্ধান হল।
পাছদিনা ৰাতিও হৰিপ্ৰসাদে একেই সপোন দেখিলে। আগদিনাৰ দৰেই সি ঈশ্বৰক একেই প্ৰাৰ্থনা জনালে। এইবাৰো ঈশ্বৰ আধাতেই অন্তৰ্ধান হল।
এনেকৈয়ে কেইবাদিনো চলিল।
এদিন সি ঈশ্বৰক কলে, প্ৰভু, অতি সোনকালেই মই তোমাৰ নামত শৰাই এভাগি আগবঢ়াম। তাৰ পাছতেই যেন মোৰ...। ঈশ্বৰ এইবাৰ অন্তৰ্ধান নহল। আৰু কিছুসময় তাৰ প্ৰাৰ্থনা শুনি হাঁহিমুখেৰে বিদায় ললে।
হৰিপ্ৰসাদে আশাৰ ৰেঙনি দেখিলে। পাছদিনাই ধাৰ-ঋণ কৰি সি নামঘৰত ডাঙৰকৈ শৰাই এভাগি দিয়ালে।
সেইদিনাৰ পৰা আৰু কোনোদিনেই সি সপোনত ঈশ্বৰক দেখা নাপালে।


অধিকাৰ
একনায়কত্ববাদ আৰু স্বৈৰাচাৰৰ অভিযোগত দেশজুৰি প্ৰৱল বিক্ষোভৰ সন্মুখীন হোৱা ৰজাই সাধাৰণ নিৰ্বাচনৰ আগে আগে হঠাতে ৰাজসভাৰ এক জৰুৰী বৈঠকৰ আহ্বান জনালে। প্ৰজাৰ সৰ্বতোপ্ৰকাৰৰ হিতৰ বাবে প্ৰজাই বিচৰা সকলোবোৰ অধিকাৰ প্ৰদান কৰি প্ৰয়োজনীয় আইন প্ৰণয়ন কৰিবলৈ মন্ত্ৰী আৰু পাৰিষদবৰ্গক ৰজাই কঠোৰ নিৰ্দেশ দিলে।
আদেশমতেই কাম। দিনদিয়েকৰ ভিতৰতে সকলোবোৰ আইন সাজু হৈ উঠিল। শিক্ষাৰ অধিকাৰ, খাদ্যৰ অধিকাৰ, মাটি, পানী, বায়ু, বাসস্থান, সম্পত্তি, ধৰ্ম, ভাষা, আন্দোলন, নিযুক্তি, বিদ্যুত, বাহন, সুৰা, চিকিত্সা, বিবাহ, সংগঠন খোলা, তথ্য জনা, মত প্ৰকাশৰ অধিকাৰ আদিকে ধৰি প্ৰায় দুই-আঢ়ৈকুৰিমান অধিকাৰ আইনৰ মাধ্যমেৰে প্ৰজাক প্ৰদান কৰা হল।
ৰজাৰ উদাৰতাত প্ৰজা গদগদ হৈ পৰিল। বিক্ষোভ কেনিবা উৰিল, দেশজুৰি আনন্দোত্সৱ উদযাপন কৰা হল। জাতি-ধৰ্ম-ভাষা-বৰ্ণ-দল-মত নিৰ্বিশেষে সকলোৰে অন্তৰ জিনি পুনৰ এটা যুগৰ বাবে ৰজা শাসনলৈ আহিল।
      ৰাজপাটত পুনৰবাৰ বহিয়েই ৰজাই দেশবাসীক আৰু এখন নতুন অধিকাৰ আইন উপহাৰ দিয়াৰ কথা ঘোষণা কৰিলে। দিনচেৰেকৰ পাছতে সেই আইনখন সমগ্ৰ দেশতে কাৰ্যকৰী হোৱাকৈ বলৱত্ কৰা হল। আইনখনৰ নাম আছিল – অধিকাৰ হৰণৰ অধিকাৰ।

2 comments:

  1. ভৱেশ দত্ত, আমগুৰিAugust 22, 2013 at 12:29 PM

    ভাল লাগিল। বৰ চোকা গদ্য।

    ReplyDelete