Wednesday, August 21, 2013

দাপোনত নিজৰ মুখ (৩)


     আপোনালোকৰ আশীৰ্বাদত মোৰ দুটা লৰা – জন আৰু ৰোমিঅডাঙৰটোৱে শ্বিলঙৰ কনভেণ্টত পঢ়ি আছে, ক্লাছ নাইনত। সৰুটোক ওচৰৰে চেইণ্ট এণ্টনীত দিছো, সি এইবাৰ ছেভেনলৈ পাইছে। ছোৱালী এজনী লাগে বুলি জেদ ধৰি মিছেছে বহু পলমকৈ সংসাৰলৈ অনা ছোৱালীজনী জিমিক এইবাৰ নাৰ্ছাৰীত দিছো। ছামাৰ ভেকেশ্যন দিয়া বাবে গোটেইকেইটা এতিয়া ঘৰতে আছে। মিছেছ আকৌ ওচৰৰে গৱৰ্ণমেণ্ট হাইস্কুলখনৰ টিচাৰ, গতিকে তেওঁৰো স্কুল বন্ধ।

     সাহিত্য সভাৰ আমাৰ লোকেল শাখাটোৰ এক্সিকিউটিভ বডিৰ মিটিংখনৰ পৰা আহিয়েই যোৱা দেওবাৰে চব মিলি শংকৰদেৱ কলাক্ষেত্ৰ চাবলৈ গৈছিলো। আমাৰ বৰ মন নাছিল, আচলতে আমি একলেণ্ডলৈ যোৱাৰহে প্ৰগ্ৰেম কৰিছিলো। তথাপি কাষৰে আহমেদৰ পৰিয়ালটোৱে নেৰানেপেৰাকৈ লগ ধৰাত যাব লগাত পৰিলো। পিছে এনেয়ে বৰ্বাদ কৰিলো দিনটো। বৰ বৰ হলো। এনেয়ে মিছা-মিছি দিনটো ঘূৰি ঘূৰি বৰ টায়াৰ্ড হলো। ইফালে ঘূৰি আহোতে ঘৰ পাবলৈ অলপ থকাত কাৰখনৰো পাংচাৰ হল। সেয়ে দুখন ৰিক্সা ধৰি মিছেছ আৰু লৰা ছোৱালীকেইটাক আগতীয়াকৈ ঘৰলৈ পথিয়াই দিয়াৰ ডিচিশ্যন ললো। ভাড়া কিতনা লেগা বুলি ডাঙৰ লৰাটোৱে সোধাত ৰিক্সাৱালাটোৱে কলে- পঞ্চলিছ টকা। সি বুজি নাপালে। আকৌ সোধাত লুঙি পিন্ধা ৰিক্সাৱালাটোৱে সেই একেই উত্তৰ দিলে। খঙত একো নাই হৈ সি (মোৰ লৰাটোৱে) ৰিক্সাৱালাক ষ্টুপিড বুলি কলে। ৰিক্সাৱালাৰো খং উঠিল। পৰিস্থিতি উত্তপ্ত দেখি কিনো হৈছে বুলি মই ওচৰ চাপি গলো। ঘটনাটো বুজি পাই ৰিক্সাৱালাটোক হাঁহি হাঁহি কলো যে মোৰ লৰাটোৱে অসমীয়া নাজানে, এতেকে তাৰ কথা বুজি নাপাই লৰাটোৰ খং উঠাতহে তেনেকৈ কলে। কিন্তু ৰিক্সাৱালাটোৱে আকোঁৰগোজ হৈ থাকি মোকহে কলে যে লৰাক মই শিষ্টাচাৰ শিকাব লাগে। বৰ খং উঠিল মোৰ। চাল্লা বাংলাদেশী, তহঁতেই অসমখন খালি বুলি তাক চুই কিলাবলৈহে বাকী এৰিলো মই। কিন্তু মোৰ কথাৰ উত্তৰত সি কি কলে জানেনে? চিঞৰ-বাখৰ দেখি গোট খোৱা এগালমান মানুহৰ সন্মুখতে সি চিঞৰি চিঞৰি মোক কলে যে সঁচাকৈ তাৰ ককাকহঁত এদিন বাংলাদেশৰপৰাই আহিছিল যদিও এতিয়া সি মোতকৈ বেছি অসমীয়া। কাৰণ অসমীয়া সংখ্যাকেইটা চিনি নোপোৱা মোৰ লৰাটোক এতিয়া হেনো তাৰ সন্তানে প্ৰয়োজন হলে অসমীয়া শিকাব পাৰে। তাৰ দুয়োটা লৰা-ছোৱালীয়েই অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি আছে। ৰিক্সাৱালাৰ লৰা হলেও মোৰ লৰাৰ দৰে মানুহৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব নজনাকৈ সি গঢ়ি তোলা নাই তাৰ সন্তানক...

     ৰিক্সাৱালা ৰহমত আলীয়ে (নামটো তাৰ মুখৰপৰাই জানিলো) কোৱাৰ দৰে সঁচাকৈয়ে সি বাৰু মোতকৈ বেছি অসমীয়া নেকি? বাংলাদেশী খেদাৰ নামত চৰকাৰে কেনেবাকৈ যদি ৰহমতহঁতকো খেদি পথিয়ায়, তেতিয়া আমাৰ ভৱিষ্যত প্ৰজন্মবোৰক অসমীয়া শিকাবলৈ বাংলাদেশৰপৰা শিক্ষকো ভাড়া কৰি আনিব লগা হবগৈ নেকি?


(কৃতজ্ঞতাঃ অজিত ৰাজখোৱা নামৰ এজন কাল্পনিক পত্ৰলেখক)

No comments:

Post a Comment