Wednesday, August 21, 2013

দাপোনত নিজৰ মুখ (১)


     কথাই কথাই আমি অসমীয়াবোৰে প্ৰায়েই কৈ থাকোঁ যে আমি অসমীয়া মানুহবোৰ নিচেই সহজ-সৰল, হোজা। অসমীয়া জাতি বৰ শান্তিপ্ৰিয়। অসমৰ মানুহবোৰ অতি অতিথিপৰায়ণ। অন্তৰবোৰ বৰ কোমল অসমীয়া মানুহৰ। আমাৰ এই কোমলতা আৰু সৰলতাৰ সুযোগ লৈয়েই বাহিৰৰ মানুহে আহি আমাৰ পাকঘৰ অধিকাৰ কৰিলেহি। জাকে জাকে নমতা আলহী বানপানী সোমোৱাদি সোমাই থকাৰ পাছতো আমাৰ দয়ালু আৰু অতিথিপৰায়ণ স্বভাৱৰ বাবেই আমি ঘূৰি যাবলৈ কব পৰা নাই বা সদৰ দুৱাৰখনো জপাই থব পৰা নাই। নিজেই নিজকে প্ৰশংসা কৰি নিজৰ বিষয়ে এনেকুৱা আৰু বহুত কিবাকিবি কৈ থাকোঁহক আমি।

     কিন্তু প্ৰকৃত সত্যটো হল যে এইবোৰৰ কোনোটোৱেই সত্য কথা নহয়। অসমীয়া জাতি সহজ-সৰলতো নহয়েই, অলপ চিধাকৈ কবলৈ গলে বৰং ই বিশ্বৰ ভিতৰতে এটা অন্যতম জটিল মনস্তত্বৰ জাতিহে।অসমীয়া মানুহ মুঠেই শান্তিপ্ৰিয় নহয়, লাচিতৰ দিনৰ দৰে এতিয়াও অসমীয়া মানুহৰ তেজবোৰ বকবককৈ উতলি থাকে। আফগানসকলৰ দৰেই ই পৃথিৱীৰ এটা অন্যতম যুদ্ধবাজ জাতি। সুযোগ পালেই অসমীয়া মানুহে নিজৰ বীৰত্ব প্ৰদৰ্শন কৰি ধন্য হব বিচাৰে। কিন্তু পৰিতাপৰ কথা যে প্ৰতিপক্ষ হিচাপে অসমীয়া জাতিয়ে সদায়েই নিজতকৈ কম শক্তিশালী (যত জিকাৰ সুযোগ থাকে) আৰু নিৰীহ কাৰোবাকহে বিচাৰি পায়। শত্ৰু নিৰ্বাচনত ভুল কৰাৰ বাবে এয়া নহয়, প্ৰকৃত শত্ৰুৰ লগত যুঁজাৰ সাহস নথকাৰ বাবেই তেওঁলোকে জানিও একোকে নজনাৰ ভাও ধৰি থাকে। অতিথিপৰায়ণ গুণৰ বাবে নহয়, অসমীয়া জাতিৰ সোৰোপা আৰু অকামিলা গুণৰ বাবেই বিদেশী অথবা বহিৰাগতই আজি ৰাজ্যখনৰ অৰ্থনীতি নিয়ন্ত্ৰণৰ সুযোগ লাভ কৰিছে।

     অসমীয়া জাতি অতিকে পৰশ্ৰীকাতৰ। অন্য জাতিৰ কথা বাদেই, স্বজাতিৰ অথবা খোদ নিজৰ ঘৰৰ কাৰোবাৰ উন্নতিও সহ্য নহয় চকুচৰহা অসমীয়াৰ। অসমীয়া মানুহ চূড়ান্ত স্বাৰ্থপৰ। চলে-বলে কৌশলে এওঁলোকে মাথোঁ নিজৰ স্বাৰ্থসিদ্ধিৰ কথাহে চিন্তা কৰে আৰু তাৰবাবে তেওঁলোকে যি কোনো পৰ্যায়লৈকে যাব পাৰে।

     বৰ্বৰতা অসমীয়া জাতিৰ তেজত মিহলি হৈ আছে। হত্যা-হিংসাক ভাতৰ লগত পানী খোৱাৰ দৰে সহজভাৱে গ্ৰহণ কৰিব পৰা অদ্ভূত ক্ষমতা আছে এই জাতিটোৰ। বুৰঞ্জীৰ দিনৰপৰা আৰম্ভ কৰি ছবছৰীয়া অসম আন্দোলন আৰু তাৰ পৰৱৰ্তী কালৰ ৰক্তাক্ত দিনবোৰৰ পৃষ্ঠা লুটিয়ালেই বুজিব পাৰি – পাৰ এটা মাৰিলেও হাত কঁপা বুলি কৈ নিজকে নিৰীহৰো নিৰীহ সজোৱা অসমীয়া মানুহ প্ৰয়োজনত কিমান বৰ্বৰ ব পাৰে! সামান্যৰো সামান্যতম স্বাৰ্থৰ বাবেই নিজ সুহৃদৰ তেজেৰেও হাত ৰক্তাক্ত কৰিবলৈ কুণ্ঠাবোধ নকৰা জাতি এইটো।

     নিজকে সহনশীলতাৰ অৱতাৰ বুলি ভবা অসমীয়া জাতিয়ে নিজৰ বিষয়ে কোনোবাই সামান্যতম বেয়াকৈ কলেও সহ্য কৰিব নোৱাৰে। আনে ভুলটো আঙুলিয়াই দিলে ধন্যবাদ দি তাক শুধৰাবলৈ চেষ্টা কৰা দূৰৈৰে কথা, পাৰিলে সমালোচকজনক এসেকা দিয়াৰহে চেষ্টা কৰে অসমীয়া মানুহে। নিজেও একো নকৰে, আনকো একো কৰিবলৈ নিদিয়ে এই জাতিটোৱে।

     এই বিশ্বায়নৰ যুগত পাৰিনে আশা কৰিব এই মানসিকতাৰে এই জাতিটোৱে আচৰিত কিবা এটা কৰি দেখুৱাব বুলি! আনে কি ভাবে নাজানো, জাতিটোৰ এই নিঃকিন সদস্যজনৰ হলে মনে নকয়।

No comments:

Post a Comment