এদিন
এজন ধনী আৰু অহংকাৰী মানুহে পৰিয়ালটোৰ সৈতে তেওঁৰ পুতেকক গাঁৱৰ ফালে
ফুৰাবলৈ লৈ গ’ল। তেওঁৰ উদ্দেশ্য আছিল ব্যাৱসায়িক — পুতেকক তেওঁ দেখুৱাব
খুজিছিলঃ পৃথিৱীত কিমান দুখীয়া মানুহ থাকিব পাৰে! তেওঁলোকে এটা অতি দুখীয়া
পৰিয়ালৰ পঁজাঘৰত পূৰা এদিন-এৰাতি কটালে। ভ্ৰমণৰ পৰা ঘূৰি অহাৰ পাছত দেউতাকে
পুতেকক সুধিলে, “ফুৰিবলৈ গৈ কেনেকুৱা লাগিল তোমাৰ?”
- বহুত ভাল লাগিল, দেউতা।
- দেখিলানে, পৃথিৱীত কিমান দুখীয়া মানুহো থাকিব পাৰে!
- হয়, দেউতা।
- আৰু ভ্ৰমণটোৰ পৰা তুমি কি শিকিলা?
ল’ৰাটোৱে উত্তৰ দিলে, “দেউতা, মই দেখিলো যে আমাৰ ঘৰত মাত্ৰ এটাহে কুকুৰ
আছে, কিন্তু তেওঁলোকৰ কুকুৰ চাৰিটা। বাগিচাৰ মাজ অংশলৈকে চুৱাকৈ আমাৰ এটা
সৰু পুখুৰী আছে, কিন্তু তেওঁলোকৰ এটা জুৰি আছে, যাৰ কোনো শেষ নাই। আমাৰ
বাগিচাত তুমি বিদেশৰ পৰা অনা দামী দামী লাইটে পোহৰ বিলায়, কিন্তু তেওঁলোকৰ
বাগিচাত পোহৰ বিলায় আকাশৰ তৰাবোৰে। আমাৰ চোতালখন সৌ সন্মুখৰ জপনাখনৰ ওচৰতে
শেষ হৈছে, কিন্তু তেওঁলোকৰ চোতালৰ পৰিধি গোটেই দিগন্তব্যাপী।”
পুতেকৰ কথাত দেউতাকৰ মুখৰ মাত হৰিল। লৰাটোৱে কৈ গ’ল, “আমি আচলতে কিমান
‘দুখীয়া’ তাক বুজি পোৱাত সহায় কৰা বাবে তোমাক বহুত ধন্যবাদ, দেউতা!”
----------------------------------------------------------
আচলতে এই সকলোবোৰ কথা জানো আপোনাৰ দৃষ্টিভংগীৰ ওপৰতে নিৰ্ভৰ নকৰে? যদি
আপুনি মৰম-চেনেহ, বন্ধু-বান্ধৱ, পৰিয়াল, সু-স্বাস্থ্য, ভাল স্বভাৱ-চৰিত্ৰ
আৰু জীৱনৰ প্ৰতি এটা ইতিবাচক মানসিকতাৰ গৰাকী হৈছে — তেন্তে আপুনি
সকলোখিনিয়েই পাইছে! আপুনি এই বস্তকেইটাৰ এটাও বজাৰত কিনিবলৈ নাপায়। নিজৰ
কল্পনাৰে ঢুকি পোৱা আটাইবোৰ পাৰ্থিৱ সম্পদ, ভৱিষ্যত জীৱনৰ বাবে সু-ব্যৱস্থা
আদি সকলোবোৰ আপুনি আৰ্জিব পাৰিব; কিন্তু যদি আপুনি ইচ্ছাশক্তি বা প্ৰাণ
চাঞ্চল্যত দুখীয়া, তেন্তে মনত ৰাখিব — আপোনাৰ আচলতে একোৱেই নাই!
(ইংৰাজীত পঢ়িবলৈ পোৱা অনামী লেখকৰ এটা অণুগল্পৰ আলমত)
So truth! Oh god I've none....
ReplyDelete