Friday, November 15, 2013

এমুঠি নিমখ, এগিলাছ পানী আৰু এটা হ্ৰদ

বিমৰ্ষ মনেৰে অসুখী যুৱক এজন আহি বৃদ্ধ শিক্ষকগৰাকীক লগ কৰিলে আৰু আৰু ক’লে যে জীৱনটো তেওঁৰ বাবে বৰ দুঃসহ হৈ পৰিছে, সেয়ে তেওঁক তাৰ এটা সমাধান লাগে৷

শিক্ষকজনে অসুখী যুৱকজনৰ হাতত নিমখ এমুঠি দি এগিলাছ পানীত সেইখিনি মিহলাই খাবলৈ দিলে৷
“কেনেকুৱা লাগিল খাই?”- শিক্ষকজনে সুধিলে৷
“ভয়াবহ!”- যুৱকজনে মুখ বিকটাই ক’লে৷

শিক্ষকজনে এইবাৰ যুৱকজনক কাষৰে ­হ্ৰদ এটাৰ পাৰলৈ লৈ গ’ল আৰু আগবাৰৰ দৰেই হাতত এমুঠি নিমখ দি সেইখিনি হ্ৰদৰ পানীত চটিয়াই দিবলৈ ক’লে৷ তাৰ পাছত তেওঁ যুৱকজনক হ্ৰদৰ পানী অলপ খাই চাবলৈ দিলে৷
“এইবাৰৰ সোৱাদটো কেনেকুৱা?”- বৃদ্ধ শিক্ষকজনে সুধিলে৷
“ভাল৷”- অসুখী যুৱকে আংশিক সন্তুষ্টিৰে কলে৷
“তুমি অকল নিমখখিনি কেতিয়াবা খাই চাইছানে?”- শিক্ষকজনে আকৌ সুধিলে৷
“ওহোঁ৷”- অসুখী যুৱকে মূৰ জোকাৰিলে৷

শিক্ষকগৰাকীয়ে এইবাৰ যুৱকজনৰ কাষত বহি লৈ গভীৰ মমতাৰে তেওঁৰ হাত এখন নিজৰ দুহাতত তুলি লৈ ক’বলৈ ধৰিলে- “বুজিছা ডেকা ল’ৰা, জীৱনৰ দুঃখবোৰ আচলতে খাটি নিমখ, একেবাৰে খাটি৷ জীৱনত দুঃখৰ পৰিমাণো সকলোৰে বাবে সমান, অলপো কম-বেছি নহয়৷ কিন্তু আমি সোৱাদ লোৱা দুঃখৰ পৰিমাণ নিৰ্ভৰ কৰে দুঃখবোৰ ভৰাই থোৱা পাত্ৰটোৰ আয়তনৰ ওপৰত৷ সেয়ে যেতিয়াই তুমি দুঃখত পৰা, তুমি কৰিব পৰা মাথোঁ এটাই কাম আছে – নিজৰ বাস্তৱিক অনুভৱ আৰু দৃষ্টিভংগীৰ পৰিসৰ বহলাই পেলোৱা৷ ক্ষুদ্ৰ পৰিসৰৰ ভিতৰত চেপি-কুচি নাৰাখি দুঃখবোৰ আনৰ সৈতে ভগাই লোৱা৷ এটা কণমান গিলাছ হৈ নাথাকিবা, এটা হ্ৰদ হোৱাৰ চেষ্টা কৰা৷ তুমি ততকে ধৰিব নোৱাৰিবা - শিল যেন গধুৰ দুঃখবোৰ কেনেকৈ থিতাতে তুলা যেন পাতল হৈ পৰিল!…


(ইণ্টাৰনে’টত পঢ়া অনামী লেখকৰ এটা অণুগল্পৰ আলমত) 

Wednesday, November 13, 2013

ঈশ্বৰৰ সৈতে এসাঁজ

এটা সৰু ল’ৰাই এবাৰ ঈশ্বৰক লগ পাবলৈ বৰকৈ মন মেলিলে। সি জানিছিল যে ঈশ্বৰক বিচাৰি যাবলৈ হ’লে বহুদূৰ বাট বুলিব লাগিব, সেয়ে সি তাৰ সৰু মোনাটোত কেইটামান চিপছৰ পেকেট আৰু এবটল ফলৰ ৰস ভৰাই ঘৰৰ পৰা ওলাই আহিল।

ঘৰৰ পৰা অলপ দূৰ গৈয়েই সি এগৰাকী বৃদ্ধাক লগ পালে। বৃদ্ধাগৰাকী পাৰ্ক এখনত অলসভাৱে বহি আছিল। ল’ৰাটো গৈ তেওঁৰ কাষতে বহিল আৰু ফলৰ ৰসৰ বটলটো উলিয়াই এঢোক খাই ল’ব খুজিলে। তেনেতে সি মন কৰিলে যে কাষৰ মানুহগৰাকীক বৰ ভোকাতুৰ যেন দেখা গৈছে, সেয়ে সি তেওঁক চিপছ অলপ আগবঢ়ালে। মানুহগৰাকীয়ে কৃতজ্ঞতাৰে চিপছখিনি ল’লে আৰু তালৈ চাই খুব ধুনীয়াকৈ হাঁহিলে।      
তেওঁৰ হাঁহিটো ইমানেই ধুনীয়া আছিল যে ল’ৰাটোৱে তাক আকৌ এবাৰ চোৱাৰ লোভ সামৰিব নোৱাৰিলে। সেয়ে সি বৃদ্ধাগৰাকীক এইবাৰ অলপ ফলৰ ৰস আগবঢ়ালে। তেওঁ লৰাটোক আকৌ এটা মোহনীয় হাঁহি উপহাৰ দিলে। ল’ৰাটো আনন্দত অধীৰ হৈ পৰিল। গোটেই আবেলিটো তেওঁলোক দুয়ো তাতে বহি থাকিল, একেলগে কিবাকিবি খালে আৰু হাঁহি বিনিময় কৰিলে; কিন্তু কথা-বতৰাৰ নামত দুয়োৰে মাজত এটা শব্দৰো বিনিময় নহ’ল।

আন্ধাৰ নামি অহাৰ লগে লগে ল’ৰাটোৱে খুব ভাগৰুৱা অনুভৱ কৰিলে আৰু ঘৰলৈ ঘূৰি যাব খুজিলে। কিন্তু কেইখোজমান গৈয়েই সি পিছলৈ ঘূৰি চালে আৰু পুনৰ ঘূৰি আহি বৃদ্ধাগৰাকীক সাবটি ধৰিলে। এইবাৰ তেওঁৰ পৰা সি জীৱনৰ আটাইতকৈ ডাঙৰ আৰু সুন্দৰ হাঁহিটো লাভ কৰিলে।

ঘৰলৈ ঘূৰি আহি দুৱাৰ খোলা মাত্ৰকেই সি মাকৰ মুখামুখি হ’ল। তাৰ মুখত আগেয়ে কেতিয়াও নেদেখা স্বৰ্গীয় আনন্দৰ জ্যোতি দেখা পাই মাক আচৰিত হ’ল আৰু সুধিলে, “তুমি আজি এনে কি কাম কৰি আহিলা, যি তোমাক ইমান সুখী কৰি তুলিব পাৰিলে?” ল’ৰাটোৱে ক’লে, “জানা মা, মই আজি ঈশ্বৰৰ লগত একেলগে দুপৰীয়াৰ টিফিন খালো।“ মাকে কিবা কোৱাৰ আগতে সি আৰু ক’লে, “আৰু কি জানা, মই আজিলৈকে দেখা আটাইতকৈ ধুনীয়া হাঁহিটো মই তেওঁৰ মুখত দেখিলো।”  
আনহাতে, সেই বৃদ্ধাগৰাকীৰ মুখখনো অভূতপূৰ্ব প্ৰশান্তিত উজ্জ্বল হৈ পৰিছিল। ঘৰলৈ ঘূৰি যোৱাৰ লগে লগেই তেওঁৰ পুতেকেও তেওঁক সুধিলে, “তুমি আজি এনে কি কাম কৰি আহিলা মা, যি তোমাক ইমান সুখী কৰি তুলিব পাৰিলে?” তেওঁ উত্তৰ দিলে – “মই আজি পাৰ্কত ঈশ্বৰৰ লগত আলু চিপছ খালো।” পুতেকৰ প্ৰতিক্ৰিয়ালৈ লক্ষ্য নকৰি তেওঁ কৈ গ’ল, “আৰু কি জানা, মই ভবাতকৈ তেওঁ বহুত বেছি সৰু আছিল।”


যদিও আমি প্ৰায়েই প্ৰিয়জনৰ এচিকুট স্পৰ্শ, এটা হাঁহি, এটা মধুৰ মাত, কথা এষাৰ শুনিবলৈ আগ্ৰহী এখন কাণ, এটা সঁচা প্ৰশংসা, অথবা এধানিমান যত্নৰ যাদুকৰী শক্তিক অৱহেলা কৰোঁ, জীৱনটোক গতিশীল কৰি ৰাখিবলৈ এই সকলোখিনিয়েই আমাক প্ৰয়োজন। আমাৰ জীৱনলৈ মানুহ এটা কাৰণৰ বাবে, এটা ঋতুৰ বাবে অথবা চিৰদিনৰ বাবে আহে। কিন্তু সেইবোৰ বিচাৰ নকৰি সকলোকে আমি সমভাৱে আকোৱালি লোৱা উচিত। আমাৰ জীৱনটোক এক বিশেষ মুহুৰ্তত বিশেষধৰণে স্পৰ্শ কৰি যোৱা প্ৰতিজন লোকেই আমাৰ বাবে একো একোজন ঈশ্বৰ। কাল্পনিক বা ধৰ্মপুথিৰ ঈশ্বৰ বাস্তৱত থাকক-নাথাকক, তাক লৈ আমি মূৰ ঘমোৱাৰ প্ৰয়োজন নাই; কিন্তু যদি আমি মানুহক ভাল পাওঁ, মানুহৰ ওপৰত বিশ্বাস ৰাখো আৰু এটা সত্ জীৱনৰ অধিকাৰী হওঁ, তেন্তে আমাৰ প্ৰিয় মানুহবোৰেই এদিন আমাৰ জীৱনলৈ ঈশ্বৰ হৈ আহি আমাক সমুখৰ যিকোনো দুৰ্যোগৰ পৰা ৰক্ষা কৰিব। বিনিময়ত আমি মাথোঁ তেওঁক উপহাৰ দিব লাগিব এটা আলফুল হাঁহি…

Thursday, September 5, 2013

জীৱনত এজন শিক্ষকে কি কৰিব পাৰে?

জীৱনত এজন শিক্ষকে কি কৰিব পাৰে?
০০০০০০০০০০০০০০০০০০০০০০০০০০০০০
০০০০০০০০০০০০০০০০০০০০০০০০০০০০০

খোৱা মেজত বহি অতিথিসকলে জীৱন সম্বন্ধীয় আলোচনাৰ পাতনি মেলিলে। এজন লোকে (তেওঁ কোনোবা এটা ডাঙৰ কোম্পানীৰ মুখ্য প্ৰৱন্ধক) বৰ্তমানৰ শিক্ষা ব্যৱস্থাত দেখা দিয়া সংকটৰ বিষয়ে ক’বলৈ আৰম্ভ কৰিলে। তেওঁ তাচ্ছিল্য আৰু অভিযোগৰ সুৰত কলে, “এটা শিশুৱেনো সেইজন মানুহৰ পৰা কি শিকিবলৈ আশা কৰিব পাৰে, যাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ বিকল্পটোৱেই আছিল মাথো এজন শিক্ষক হোৱা!” ভোজমেলটোত উপস্থিত থকা অন্য অভ্যাগতসকললৈ চাই তেওঁ কৈ গ’ল, “শিক্ষকবোৰৰ বিষয়ে আমি কি কওঁ জানে - যিসকলে পাৰে, সেইসকলে কৰে। আৰু যিসকলে নোৱাৰে, সেইসকলে কি কৰে? তেওঁলোকে শিকায়!” নিজৰ বক্তব্যটো জোৰেৰে সাব্যস্ত কৰিবলৈ তেওঁ তাত উপস্থিত থকা অন্য এজন অতিথিলৈ আঙুলিয়াই ক’লে-
“দত্ত, আপুনিতো এজন শিক্ষক। সঁচাকৈ কওকচোন, জীৱনটোত আপুনি বিশেষ কি কৰিব পাৰিলে?”

সততা আৰু সৰলতাময় ব্যক্তিত্বৰ বাবে সমাজত দত্তৰ এক সুকীয়া পৰিচয় আছে, তেওঁ স্বাভাৱিক স্বৰেৰে উত্তৰ দিলে – “ডাঙৰীয়া, আপুনি জানিব খোজে নহয় জীৱনত মই কি কৰিলো, তেন্তে শুনক-”
“মই লৰাহঁতক সিহঁতে জীৱনত কৰিব পাৰিম বুলি ভবাতকৈও কঠোৰ পৰিশ্ৰম কৰিবলৈ শিকালোঁ।
শিশুহঁতক পূৰা চল্লিছ মিনিট সময় সম্পূৰ্ণ নীৱৰতাৰে পঢ়া কোঠাত বহি থাকিব পৰা কৰি তোলাত মই সমৰ্থ হলোঁ।

আপুনি আৰু জানিব খোজে নহয়, জীৱনত মই কি কৰিলোঁ?
মই শিশুহঁতক বিস্মিত হ’বলৈ শিকালো।
মই সিহঁতক প্ৰশ্ন সুধিবলৈ আৰু সমালোচনা কৰিবলৈ শিকালো।
মই সিহঁতক ক্ষমা খুজিবলৈ আৰু ক্ষমা কৰিবলৈ শিকালো আৰু তাৰ মহত্ত্ব বুজালো।
মই সিহঁতক লিখিবলৈ শিকালো।
মই সিহঁতক পঢ়িবলৈ, পঢ়িবলৈ আৰু পঢ়িবলৈ শিকালো।
মই সিহঁতক সকলো কাম বিজ্ঞান আৰু গণিতৰ মাধ্যমেৰে কৰিবলৈ আৰু সেইখিনি ভাষাৰে প্ৰদৰ্শন কৰিবলৈ শিকালো।
মই সিহঁতক বুজিবলৈ শিকালো যে যদি তোমালোকৰ এটা মগজু থাকে আৰু তুমি নিজৰ হৃদয়ৰ কথামতে কাম কৰা, আৰু যদি কেতিয়াবা কোনোবাই জীৱনত তুমি কি কৰিলা তাৰ মাধ্যমেৰে তোমাক বিচাৰ কৰিব খোজে, তেতিয়া সেই কথাত গুৰুত্ব নিদিবা; কিয়নো এনে কথা সুধিব পৰাসকলে আচলতে জীৱনত একোৱেই নিশিকিলে।

দত্ত অলপ ৰ’ল আৰু কৈ গ’ল,
“আপুনি তথাপিও জানিব খোজে নহয়, জীৱনত মই কি কৰিলো? তেন্তে শুনি যাওক -”
“মানুহে জীৱনত পাব পৰা আটাইতকৈ ডাঙৰ সন্মানটো পোৱা লোকজনৰ দৰে শিশুহঁতৰ সংস্পৰ্শত থাকি মই সন্তুষ্টি লাভ কৰিলো। এনে সন্তুষ্টি জানো জীৱনত আপুনি পালে?
জীৱনত মই আনতকৈ বেলেগ এটা বিশেষ কাম কৰিলো – মই মানুহ গঢ়িলো। আপুনি কি গঢ়িলে?”

০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০
০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০

[মা-ৰ পৰা আৰম্ভ কৰি সৌ-সিদিনা কাৰ্যালয়ৰপৰা অৱসৰ লোৱা সহকৰ্মী দাসদালৈকে – এই পৰ্যন্ত মোৰ জীৱনটো খৰাহি এটা বোৱাদি বৈ উলিওৱা (আৰু বৈ থকা) প্ৰতিজন শিক্ষাগুৰুৰ কৰকমলত এই অনূদিত অনুগল্পটি শিক্ষক দিৱসৰ ভক্তি অৰ্ঘ্য স্বৰূপে নিবেদিলো...]

Wednesday, August 21, 2013

আমি আচলতে কিমান চহকী?

      এদিন এজন ধনী আৰু অহংকাৰী মানুহে পৰিয়ালটোৰ সৈতে তেওঁৰ পুতেকক গাঁৱৰ ফালে ফুৰাবলৈ লৈ গ’ল। তেওঁৰ উদ্দেশ্য আছিল ব্যাৱসায়িক — পুতেকক তেওঁ দেখুৱাব খুজিছিলঃ পৃথিৱীত কিমান দুখীয়া মানুহ থাকিব পাৰে! তেওঁলোকে এটা অতি দুখীয়া পৰিয়ালৰ পঁজাঘৰত পূৰা এদিন-এৰাতি কটালে। ভ্ৰমণৰ পৰা ঘূৰি অহাৰ পাছত দেউতাকে পুতেকক সুধিলে, “ফুৰিবলৈ গৈ কেনেকুৱা লাগিল তোমাৰ?”
      - বহুত ভাল লাগিল, দেউতা।
      - দেখিলানে, পৃথিৱীত কিমান দুখীয়া মানুহো থাকিব পাৰে!
      - হয়, দেউতা।
      - আৰু ভ্ৰমণটোৰ পৰা তুমি কি শিকিলা?

      ল’ৰাটোৱে উত্তৰ দিলে, “দেউতা, মই দেখিলো যে আমাৰ ঘৰত মাত্ৰ এটাহে কুকুৰ আছে, কিন্তু তেওঁলোকৰ কুকুৰ চাৰিটা। বাগিচাৰ মাজ অংশলৈকে চুৱাকৈ আমাৰ এটা সৰু পুখুৰী আছে, কিন্তু তেওঁলোকৰ এটা জুৰি আছে, যাৰ কোনো শেষ নাই। আমাৰ বাগিচাত তুমি বিদেশৰ পৰা অনা দামী দামী লাইটে পোহৰ বিলায়, কিন্তু তেওঁলোকৰ বাগিচাত পোহৰ বিলায় আকাশৰ তৰাবোৰে। আমাৰ চোতালখন সৌ সন্মুখৰ জপনাখনৰ ওচৰতে শেষ হৈছে, কিন্তু তেওঁলোকৰ চোতালৰ পৰিধি গোটেই দিগন্তব্যাপী।”

      পুতেকৰ কথাত দেউতাকৰ মুখৰ মাত হৰিল। লৰাটোৱে কৈ গ’ল, “আমি আচলতে কিমান ‘দুখীয়া’ তাক বুজি পোৱাত সহায় কৰা বাবে তোমাক বহুত ধন্যবাদ, দেউতা!”

----------------------------------------------------------

      আচলতে এই সকলোবোৰ কথা জানো আপোনাৰ দৃষ্টিভংগীৰ ওপৰতে নিৰ্ভৰ নকৰে? যদি আপুনি মৰম-চেনেহ, বন্ধু-বান্ধৱ, পৰিয়াল, সু-স্বাস্থ্য, ভাল স্বভাৱ-চৰিত্ৰ আৰু জীৱনৰ প্ৰতি এটা ইতিবাচক মানসিকতাৰ গৰাকী হৈছে — তেন্তে আপুনি সকলোখিনিয়েই পাইছে! আপুনি এই বস্তকেইটাৰ এটাও বজাৰত কিনিবলৈ নাপায়। নিজৰ কল্পনাৰে ঢুকি পোৱা আটাইবোৰ পাৰ্থিৱ সম্পদ, ভৱিষ্যত জীৱনৰ বাবে সু-ব্যৱস্থা আদি সকলোবোৰ আপুনি আৰ্জিব পাৰিব; কিন্তু যদি আপুনি ইচ্ছাশক্তি বা প্ৰাণ চাঞ্চল্যত দুখীয়া, তেন্তে মনত ৰাখিব — আপোনাৰ আচলতে একোৱেই নাই! 


                               (ইংৰাজীত পঢ়িবলৈ পোৱা অনামী লেখকৰ এটা অণুগল্পৰ আলমত)

দুটি মানিমুনি সাধু


প্ৰৱঞ্চক
হৰিপ্ৰসাদে এদিন সপোনত ঈশ্বৰক লগ পালে। উলাহত তাৰ মন নাচি উঠিল। ঈশ্বৰৰ ভৰিত খামুচি ধৰি সি কাতৰেৰে কলে, প্ৰভু, যেনেতেনে মোক সৰুসুৰা চাকৰি এটা পোৱাই দি এই দুৰ্ভগীয়া পৰিয়ালটোৰ জীৱন ৰক্ষা কৰা। চাকৰিটো পালেই মই তোমাৰ নামত...। ঈশ্বৰ অন্তৰ্ধান হল।
পাছদিনা ৰাতিও হৰিপ্ৰসাদে একেই সপোন দেখিলে। আগদিনাৰ দৰেই সি ঈশ্বৰক একেই প্ৰাৰ্থনা জনালে। এইবাৰো ঈশ্বৰ আধাতেই অন্তৰ্ধান হল।
এনেকৈয়ে কেইবাদিনো চলিল।
এদিন সি ঈশ্বৰক কলে, প্ৰভু, অতি সোনকালেই মই তোমাৰ নামত শৰাই এভাগি আগবঢ়াম। তাৰ পাছতেই যেন মোৰ...। ঈশ্বৰ এইবাৰ অন্তৰ্ধান নহল। আৰু কিছুসময় তাৰ প্ৰাৰ্থনা শুনি হাঁহিমুখেৰে বিদায় ললে।
হৰিপ্ৰসাদে আশাৰ ৰেঙনি দেখিলে। পাছদিনাই ধাৰ-ঋণ কৰি সি নামঘৰত ডাঙৰকৈ শৰাই এভাগি দিয়ালে।
সেইদিনাৰ পৰা আৰু কোনোদিনেই সি সপোনত ঈশ্বৰক দেখা নাপালে।


অধিকাৰ
একনায়কত্ববাদ আৰু স্বৈৰাচাৰৰ অভিযোগত দেশজুৰি প্ৰৱল বিক্ষোভৰ সন্মুখীন হোৱা ৰজাই সাধাৰণ নিৰ্বাচনৰ আগে আগে হঠাতে ৰাজসভাৰ এক জৰুৰী বৈঠকৰ আহ্বান জনালে। প্ৰজাৰ সৰ্বতোপ্ৰকাৰৰ হিতৰ বাবে প্ৰজাই বিচৰা সকলোবোৰ অধিকাৰ প্ৰদান কৰি প্ৰয়োজনীয় আইন প্ৰণয়ন কৰিবলৈ মন্ত্ৰী আৰু পাৰিষদবৰ্গক ৰজাই কঠোৰ নিৰ্দেশ দিলে।
আদেশমতেই কাম। দিনদিয়েকৰ ভিতৰতে সকলোবোৰ আইন সাজু হৈ উঠিল। শিক্ষাৰ অধিকাৰ, খাদ্যৰ অধিকাৰ, মাটি, পানী, বায়ু, বাসস্থান, সম্পত্তি, ধৰ্ম, ভাষা, আন্দোলন, নিযুক্তি, বিদ্যুত, বাহন, সুৰা, চিকিত্সা, বিবাহ, সংগঠন খোলা, তথ্য জনা, মত প্ৰকাশৰ অধিকাৰ আদিকে ধৰি প্ৰায় দুই-আঢ়ৈকুৰিমান অধিকাৰ আইনৰ মাধ্যমেৰে প্ৰজাক প্ৰদান কৰা হল।
ৰজাৰ উদাৰতাত প্ৰজা গদগদ হৈ পৰিল। বিক্ষোভ কেনিবা উৰিল, দেশজুৰি আনন্দোত্সৱ উদযাপন কৰা হল। জাতি-ধৰ্ম-ভাষা-বৰ্ণ-দল-মত নিৰ্বিশেষে সকলোৰে অন্তৰ জিনি পুনৰ এটা যুগৰ বাবে ৰজা শাসনলৈ আহিল।
      ৰাজপাটত পুনৰবাৰ বহিয়েই ৰজাই দেশবাসীক আৰু এখন নতুন অধিকাৰ আইন উপহাৰ দিয়াৰ কথা ঘোষণা কৰিলে। দিনচেৰেকৰ পাছতে সেই আইনখন সমগ্ৰ দেশতে কাৰ্যকৰী হোৱাকৈ বলৱত্ কৰা হল। আইনখনৰ নাম আছিল – অধিকাৰ হৰণৰ অধিকাৰ।

এঘণ্টা সময়


সন্ধিয়া পৰত কৰ্মস্থলীৰ পৰা আহি দেউতাক ঘৰ পোৱা মাত্ৰকেই কণমানি লৰাটো ভয় আৰু সমীহেৰে তেওঁৰ ওচৰলৈ গল আৰু সুধিলে, দেউতা, এঘণ্টাত তুমি কিমান টকা উপাৰ্জন কৰা?”ৰাটোৰ প্ৰশ্নত দেউতাক বৰকৈ আচৰিত হল যদিও পুতেকলৈ ঘোপাকৈ চাই তেওঁ কলে, চা সোণটো, আনকি তোৰ মাৰেও এই কথা মোক সুধিবলৈ আজিলৈকে সাহস কৰা নাই। মই বৰ ভাগৰুৱা, মোক এতিয়া আমনি কৰি নাথাকিবি, কৈ দিছো। কিন্তু কনমানিটোৱেও তেওঁক নেৰানেপেৰাকৈ লাগিল, দেউতা, মোক মাত্ৰ এবাৰ কোৱানা, এঘণ্টাত তুমি সঁচাকৈ কিমান উপাৰ্জন কৰা?”

অতিষ্ঠ হৈ দেউতাকে শেষত লৰাটোক উত্তৰ দিলে যে তেওঁ প্ৰতি ঘণ্টাত এশ টকাকৈ উপাৰ্জন কৰে। লৰাটোৱে তেতিয়া কলে, ঠিক আছে দেউতা, তুমি মোক যেনেতেনে পঞ্চাছ টকা ধাৰলৈ দিব পাৰিবানে?” পুতেকৰ নেৰেনেপেৰা আমনিত অতিষ্ঠ হৈ তেওঁ তাক জোৰেৰে ধমক দি কলে, , মই কিমান উপাৰ্জন কৰো সেইকথা সোধাৰ আচল কাৰণ এইটোহে, নহয় জানো? মোৰ ওচৰৰ পৰা তুৰন্তে যা আৰু শুই থাকগৈ। মোক আকৌ আমনি কৰিবলৈ আহিলে মজা পাবি!

গা-পা ধুই, চাহ-তাহ খাই কিছুসময় জিৰণি লোৱাৰ পাছত দেউতাকে পুতেকৰ কথা ভাবিলে আৰু তাক বৰকৈ ডবিওৱাৰ বাবে নিজকে দোষী দোষী অনুভৱ কৰিলে। সি চাগৈ কিবা খেলনা বস্তু কিনিব খুজিছিল – তেওঁ ভাবিলে। ভাবি-গুণি লৰাটোৰ মনটো ভাল লগাবৰ বাবে তেওঁ তাৰ ওচৰলৈ গল।

সোণটো, টোপনি গলি নেকি?” – দেউতাকে সুধিলে। চকামকা টোপনিৰ পৰা সাৰ পাই লৰাটোৱে কলে, নাই যোৱা দেউতা, কিয় সুধিলা?” এইটো ল, তই অলপ অথনি বিচৰা পইচাটো – এইবুলি তেওঁ লৰাটোলৈ পঞ্চাছ টকীয়া নোটখন আগবঢ়াই দিলে। দেউতাকক ধন্যবাদ দি সি গাৰুৰ তলত কিবা খুচৰাত লাগিল আৰু আনন্দমনেৰে গুণগুনালে, হৈ গল, মোৰ ওচৰত এতিয়া পূৰা এশ টকা আছে। দেউতাকে অবাক হৈ পুতেকলৈ তধা লাগি চাই ৰল। কিয়? কাৰণ তাৰ হাতত থকা গোটেইখিনি পইচা দেউতাকৰ হাতত গুজি দি কণমানিটোৱে দেউতাকক এইমাত্ৰ কলে, দেউতা, তুমি মোক তোমাৰ এঘণ্টা সময় বেচিব পাৰিবানে?”

................................................................

যান্ত্ৰিক জীৱন-যাত্ৰাৰ ধাম-খুমীয়াত অভ্যস্ত হৈ আপুনিও আপোনাৰ সন্তান বা আপোনজনক সময় দিবলৈ পাহৰি গৈছে নেকি? এনে ভুল কেতিয়াও নকৰিব। টকা-পইচা খন্তেকীয়া, আপোনজনৰ মৰম-চেনেহ সনা সম্পৰ্কবোৰেহে আমাক জীয়াই ৰাখে। বয়সৰ উন্মাদনাত এতিয়া এই কথা আপোনাৰ বোধগম্য নহলেও এদিন আপুনি ঠিকেই বুজি পাব। কিন্তু তেতিয়া বহু দেৰি হৈ যাব। মনত ৰাখিব, কৰ্মজীৱনৰ এই প্ৰচণ্ড ব্যস্ততাৰ পৰা এদিন আপুনিও অৱসৰ লব লাগিব। তেতিয়া আপোনাৰ হাতত সময়েই সময় থাকিব, কিন্তু আপোনাক সেই সময় কটোৱাত সংগ দিবলৈহে কাষত কাকো নাপাব। সেয়ে আহকঃ আমাক ভাল পোৱা, আমালৈ বাট চাই ৰোৱাসকলৰ বাবে প্ৰতিদিনে অলপ সময় আছুতীয়াকৈ থওঁ আৰু মাথো জীয়াই থাকিবৰ বাবে জীয়াই নাথাকি জীৱনটো সঁচা অৰ্থত যাপন কৰিবলৈ শিকোহঁক।

               (ইংৰাজীত পঢ়িবলৈ পোৱা অনামী লেখকৰ এটা অণুগল্পৰ আলমত)

দাপোনত নিজৰ মুখ (৩)


     আপোনালোকৰ আশীৰ্বাদত মোৰ দুটা লৰা – জন আৰু ৰোমিঅডাঙৰটোৱে শ্বিলঙৰ কনভেণ্টত পঢ়ি আছে, ক্লাছ নাইনত। সৰুটোক ওচৰৰে চেইণ্ট এণ্টনীত দিছো, সি এইবাৰ ছেভেনলৈ পাইছে। ছোৱালী এজনী লাগে বুলি জেদ ধৰি মিছেছে বহু পলমকৈ সংসাৰলৈ অনা ছোৱালীজনী জিমিক এইবাৰ নাৰ্ছাৰীত দিছো। ছামাৰ ভেকেশ্যন দিয়া বাবে গোটেইকেইটা এতিয়া ঘৰতে আছে। মিছেছ আকৌ ওচৰৰে গৱৰ্ণমেণ্ট হাইস্কুলখনৰ টিচাৰ, গতিকে তেওঁৰো স্কুল বন্ধ।

     সাহিত্য সভাৰ আমাৰ লোকেল শাখাটোৰ এক্সিকিউটিভ বডিৰ মিটিংখনৰ পৰা আহিয়েই যোৱা দেওবাৰে চব মিলি শংকৰদেৱ কলাক্ষেত্ৰ চাবলৈ গৈছিলো। আমাৰ বৰ মন নাছিল, আচলতে আমি একলেণ্ডলৈ যোৱাৰহে প্ৰগ্ৰেম কৰিছিলো। তথাপি কাষৰে আহমেদৰ পৰিয়ালটোৱে নেৰানেপেৰাকৈ লগ ধৰাত যাব লগাত পৰিলো। পিছে এনেয়ে বৰ্বাদ কৰিলো দিনটো। বৰ বৰ হলো। এনেয়ে মিছা-মিছি দিনটো ঘূৰি ঘূৰি বৰ টায়াৰ্ড হলো। ইফালে ঘূৰি আহোতে ঘৰ পাবলৈ অলপ থকাত কাৰখনৰো পাংচাৰ হল। সেয়ে দুখন ৰিক্সা ধৰি মিছেছ আৰু লৰা ছোৱালীকেইটাক আগতীয়াকৈ ঘৰলৈ পথিয়াই দিয়াৰ ডিচিশ্যন ললো। ভাড়া কিতনা লেগা বুলি ডাঙৰ লৰাটোৱে সোধাত ৰিক্সাৱালাটোৱে কলে- পঞ্চলিছ টকা। সি বুজি নাপালে। আকৌ সোধাত লুঙি পিন্ধা ৰিক্সাৱালাটোৱে সেই একেই উত্তৰ দিলে। খঙত একো নাই হৈ সি (মোৰ লৰাটোৱে) ৰিক্সাৱালাক ষ্টুপিড বুলি কলে। ৰিক্সাৱালাৰো খং উঠিল। পৰিস্থিতি উত্তপ্ত দেখি কিনো হৈছে বুলি মই ওচৰ চাপি গলো। ঘটনাটো বুজি পাই ৰিক্সাৱালাটোক হাঁহি হাঁহি কলো যে মোৰ লৰাটোৱে অসমীয়া নাজানে, এতেকে তাৰ কথা বুজি নাপাই লৰাটোৰ খং উঠাতহে তেনেকৈ কলে। কিন্তু ৰিক্সাৱালাটোৱে আকোঁৰগোজ হৈ থাকি মোকহে কলে যে লৰাক মই শিষ্টাচাৰ শিকাব লাগে। বৰ খং উঠিল মোৰ। চাল্লা বাংলাদেশী, তহঁতেই অসমখন খালি বুলি তাক চুই কিলাবলৈহে বাকী এৰিলো মই। কিন্তু মোৰ কথাৰ উত্তৰত সি কি কলে জানেনে? চিঞৰ-বাখৰ দেখি গোট খোৱা এগালমান মানুহৰ সন্মুখতে সি চিঞৰি চিঞৰি মোক কলে যে সঁচাকৈ তাৰ ককাকহঁত এদিন বাংলাদেশৰপৰাই আহিছিল যদিও এতিয়া সি মোতকৈ বেছি অসমীয়া। কাৰণ অসমীয়া সংখ্যাকেইটা চিনি নোপোৱা মোৰ লৰাটোক এতিয়া হেনো তাৰ সন্তানে প্ৰয়োজন হলে অসমীয়া শিকাব পাৰে। তাৰ দুয়োটা লৰা-ছোৱালীয়েই অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি আছে। ৰিক্সাৱালাৰ লৰা হলেও মোৰ লৰাৰ দৰে মানুহৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব নজনাকৈ সি গঢ়ি তোলা নাই তাৰ সন্তানক...

     ৰিক্সাৱালা ৰহমত আলীয়ে (নামটো তাৰ মুখৰপৰাই জানিলো) কোৱাৰ দৰে সঁচাকৈয়ে সি বাৰু মোতকৈ বেছি অসমীয়া নেকি? বাংলাদেশী খেদাৰ নামত চৰকাৰে কেনেবাকৈ যদি ৰহমতহঁতকো খেদি পথিয়ায়, তেতিয়া আমাৰ ভৱিষ্যত প্ৰজন্মবোৰক অসমীয়া শিকাবলৈ বাংলাদেশৰপৰা শিক্ষকো ভাড়া কৰি আনিব লগা হবগৈ নেকি?


(কৃতজ্ঞতাঃ অজিত ৰাজখোৱা নামৰ এজন কাল্পনিক পত্ৰলেখক)