Wednesday, August 21, 2013

দাপোনত নিজৰ মুখ (২)


     যোৱা বছৰ আমাৰ পথাৰত খেতি নহল। চহোৱা মাটি চহোৱাভাগেই পৰি থাকিল, তোলা কঠীয়া পথাৰতে মৰহিল। আপুনি চাগেভাবিছে বানপানীৰ কাৰণে এনেকুৱা হল। নাইবা পানীৰ অভাৱত বোকা দিব নোৱাৰিলো পথাৰত। সেয়ে এনে হল। কিন্তু আপুনি ভবাৰ দৰে তেনে একো হোৱা নাছিল। খেতিৰ বাবে যোৱা বছৰটো অনুকুলেই আছিল। তেন্তে কিহৰ দুখতনো আমাৰ ভঁৰালত এটাও সোণগুটি নপৰিল যোৱাবাৰ/

     যোৱাবছৰ আচলতে আমি খেতি কৰা মানুহ নাপালো। হাল বাবলৈ মই নিশিকিলোৱেই। নখৰ গুৰি কলা পৰাৰ ভয়ত ভনীহঁতেও যোৱা কেইবাবছৰো ধৰি বোকাত নামিয়েই পোৱা নাই। সেয়েহে নামনিৰ ফালৰ পৰা অহা ৰোৱনি-দাৱনিৰ ওপৰতে খেতি-খোলা চমজাই নিশ্চিন্ত হৈ আছিলোহঁক যোৱা কেইবাবছৰো ধৰি। কিন্তু যোৱা বছৰ কথাবোৰ বেলেগ হল। বাংলাদেশী বহিস্কাৰৰ দাবীত ৰাজ্যখনৰ জাতীয় সংগঠন কেইটামানে খুব তত্পৰতা দেখুৱালে যোৱাবছৰৰ এনে সময়তে। আৰু পথাৰৰ কঠীয়া পথাৰতে পেলাই আমাক একো গম নিদিয়াকৈয়ে এদিন ভুৰুংকৈ নাইকিয়া হৈ পৰিল আমাৰ ৰোৱনিহঁত।

     বিদেশী খেদাৰ এই তত্পৰতাই যে মাথো আমাকেই আহুকালত পেলালে তেনে নহয়, নগঞা ৰোৱনিৰ ওপৰত নিৰ্ভৰশীল আন বহুতৰে একে দশা হল যোৱাবাৰ। মজুমদাৰৰ সমস্যাটো অৱশ্যে অলপ বেলেগ। চহৰৰ মাজমজিয়াতে চাৰিমহলীয়া ঘৰ এটাৰ কাম আৰম্ভ কৰিছিল তেওঁ। কিন্তু যোৱাবছৰ সেইটো আধা সজা ভাগেই বহুদিন পেলাই থব লগা হল। ফলত বহুবেগ চিমেণ্ট এনেয়ে নষ্ট হল। ঘৰ সঁজাৰ কামত নিয়োজিত সৰহভাগ শ্ৰমিকেই পলায়ন কৰাৰ বাবে মানুহৰ অভাৱত কাম ৰখাই দিব লগা হল। আকৌ কাম কৰা মানুহৰ অভাৱত ইটাভাটাই প্ৰয়োজনীয় ইটা সময়ত যোগান ধৰিবলৈ অপাৰগতা প্ৰদৰ্শন কৰিলে। ফলত মজুমদাৰৰ অট্টালিকা অৰ্ধনিৰ্মিত হৈয়েই ৰল।

     আপোনালোকে জানে, খেতিৰ এয়া ভৰপক সময়। যোৱাবাৰ যি হল হল, এইবাৰ মানুহ দুজনমান বেছিকৈ আনিছো পথাৰত নমাবৰ বাবে। ৰোৱনিহঁতেও পূৰ্ণোদ্যমেৰে কামত লাগিছে। এনে এক সময়ত পুনৰ বাংলাদেশী খেদাৰ দৰে বিপজ্জনক কাম এটা হাতত লৈ অনুগ্ৰহ কৰি আমাক বিপদত নেপেলাব ৰাইজ। চহৰৰ কেঞাগোলাৰ গোন্ধোৱা চাউল খায়েই দিন নিয়াইছো এই বছৰটো। কুৰি-পঁচিছ টকীয়া চাউল কিনি কিনি তলি উদং হৈ গৈছে পৰিয়ালটোৰ। হাতযোৰ কৰিছো ৰাইজ, যোৱাবাৰৰ দৰে এইবাৰ আকৌ এটা মাধমাৰ নামাৰিব আমাৰ মূৰত। নহলে নাখাই মৰিব লাগিব আমি। নাখাই মৰিব লাগিব আমাৰ দৰে বহুত অসমীয়া মানুহ। ঘৰ-দুৱাৰ সাজিবলৈ বাদ দিব লাগিব আমি। ইটাভাটাৰ ব্যৱসায়ীসকলে পেটত গামোচা বান্ধিব লাগিব। পকীপথ-দলঙৰ কাম কৰা ঠিকাদাৰসকলে শ্ৰমিকৰ অভাৱত কাম বন্ধ কৰি ৰাখিব লাগিব। আৰু আন কিমানৰ যে দুৰ্গতি নহব! গোটেই উন্নয়নী প্ৰক্ৰিয়াটোৱেই বাধাগ্ৰস্ত হব তেওঁলোকৰ অবৰ্তমানত।

     সেয়ে ৰাইজ, আপোনালোকক কাবৌ কৰিছো, বাংলাদেশী খেদাৰ দৰে নেতিবাচক কাম এটা হাতত লৈ নিৰীহ অসমীয়া জাতিক লঘোনত মৰাৰ পাং নাপাতিব!

No comments:

Post a Comment